Local, Vocal, Global

Tragic road accident in Bokajan:বৰদিনৰ উৎসাহ-উদ্দীপনাৰ মাজত শোকাৱহ পথ দুৰ্ঘটনা

বোকাজান,২৬ডিচেম্বৰ : বৰদিনৰ উৎসাহ-উদ্দীপনাৰ মাজতে বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা ।দুৰ্ঘটনাত থিতাতে নিহত মটৰ-চাইকেল আৰোহী,আহত আন এজন আৰোহী।

বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic road accident in Bokajan)।

জানিব পৰা মতে, বোকাজানৰ পৰা গোলাঘাট অভিমুখে WB-51-C-6379 নম্বৰৰ ট্ৰাকত বিপৰীত দিশৰ পৰা অহা AS-05-U-6457 নম্বৰৰ মটৰ-চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাচ থিতাতে নিহত মটৰ-চাইকেল আৰোহীজন গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ইন্দ্ৰ বসুমতাৰী বুলি জানিব পৰা গৈছে আনহাতে গুৰুতৰ ভাবে আহত লোকজন নাগেশ্বৰ বসুমতাৰী । বৰ্তমান আহত নাগেশ্বৰ বসুমতাৰীক বোকাজানত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক:Barpeta MP Phani Bhushan Choudhury hospitalized :হঠাৎ অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী