Local, Vocal, Global

Daily Horoscope for 26th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ : আজি আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ ব্যক্তিগত জীৱন সুখৰে ভৰি পৰিব । আপোনাৰ মন আজি সন্তোষজনক হৈ থাকিব ।

বৃষ : আজি গোটেই দিনটো আপুনি আনন্দত থাকিব । আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আৰ্থিক লাভৰ যোগ আছে । পিতৃ-মাতৃৰ পৰা সুসংবাদ পাব । পিতৃ-মাতৃৰ দ্বাৰা উপকৃতও হ’ব ।

মিথুন : সন্তানৰ স্বাস্থ্যক লৈ এই সপ্তাহটো চিন্তাত থাকিব । তৰ্ক-বিতৰ্কৰ পৰা দূৰত থকা ভাল । আপোনাক লাঞ্ছিত কৰাৰ সুযোগ কাকো নিদিব । পেটৰ সমস্যা দেখা দিব পাৰে । কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে । যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।

কৰ্কট : বেয়া চিন্তাই আজি আপোনাক উদাস কৰি ৰাখিব । আজি আপুনি আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ।আজি আপোনাৰ টোপনিও ভাল নহ’ব । হৃদৰোগত ভুগিব পাৰে ।

সিংহ : ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । ভাতৃ-ভগ্নীৰ পৰা বহুত সাহায্য পাব ।

কন্যা : সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব । বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক । আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে । ভ্ৰমণৰ যোগ আছে ।

তুলা : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ।

বৃশ্চিক: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথা বতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ।

ধনু : আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনৰ সৈতে ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল ।

মকৰ : আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আপুনি আনন্দ পাব পাৰে । ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব । কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ।

কুম্ভ : নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব । আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱাভাৱে আপোনাক আমনি দি থাকিব । তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব ।

মীন : অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে । স্বাস্থ্যক লৈ সাৱধানে থাকক । অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব । দৰৱ আদি কিনাৰ নামত খৰছ হ’ব পাৰে । আপুনি অস্থিৰ হৈ থাকিব যেন লাগিছে ।