Bilasipara News:বিলাসীপাৰাত উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

বিলাসীপাৰা,২৪ডিচেম্বৰ : বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত হাউদাৰটাৰীত উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ ঠিকাদাৰ বিৰুদ্ধে। ঠিকাদাৰ চহিদুল ইছলামে নিজৰ মইমতালিত অতি নিম্ন মানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ(Bilasipara News)।
উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত প্ৰায় ৪০ লাখ টকাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ ঠিকালাভ কৰিছিল ঠিকাদাৰ চহিদুল ইছলামে। চহিদুল ইছলামে ঘৰত বহি ৰাতিৰ আন্ধাৰত অতি নিম্ন মানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ।
অতি শীঘ্ৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান উৰ্ধতম কৰ্তৃপক্ষৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্ত কামটো তদন্ত কৰি ঠিকাদাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে সচেতন ৰাইজ আৰু স্থানীয় দল সংগঠনে।
লগতে পঢ়ক :Dergaon News: বনভোজৰ দলৰ পৰা টকা ঘটাৰ নতুন কৌশল দেৰগাঁৱৰ বনভোজস্থলী চিকাৰী ঘাটত