CPIML protest :কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰতিবাদত অসম পুলিচে চলোৱা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে মেলেঙত CPIMLৰ প্ৰতিবাদ
টীয়ক,২৩ডিচেম্বৰ : কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰতিবাদত অসম পুলিচে চলোৱা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে মেলেঙত CPIMLৰ প্ৰতিবাদ
চি পি আই এম এল যোৰহাট জিলা সমিতিয়ে আজি মেলেং চাৰিআলিত কংগ্ৰেছ দলৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীৰ ওপৰত অসম পুলিচে চলোৱা বৰ্বৰ অত্যাচাৰক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ শাসনক হিটলাৰী শাসন আখ্যা দি বিভিন্ন চৰকাৰী বিৰুধী শ্ল’গানে পলিবেশ উত্তাল কৰি তোলেষ সেই অত্যাচাৰত দুৰ্ভাগ্যজনকভাৱে নিহত হোৱা মৃদুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু এই মৃত্যুৰ বাবে অসম পুলিচক জগৰীয়া কৰে(CPIML protest)।
উল্লেখযোগ্য যে কংগ্ৰেছে আদানীৰ সৌৰশক্তি কেলেংকাৰী তথা অসমৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মৌলিক তথা সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবিধিগতভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোতে চৰকাৰে নিজৰ অকমন্যতা ঢাকিবলৈ এইদৰে প্ৰতিবাদকাৰী তথা সাংবাদিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল বুলি মন্তব্য কৰি এই সমগ্ৰ ঘটনাটোৰ বাবে সম্পূৰ্ণ গৃহ বিভাগক জগৰীয়া কৰি অসম আৰক্ষীৰ আয়ুক্তক বৰ্খাস্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে।
লগতে পঢ়ক:Golden Langur Electrocuted:পুনৰ বিদ্যুৎ স্পৃষ্ঠ হৈ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ