Local, Vocal, Global

Eviction in Sonapur:বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ

সোণাপুৰ,২৩ডিচেম্বৰ : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ( Eviction in Sonapur)।

পুনৰ সোণাপুৰত  উচ্ছেদ অভিযান ৷ এইবাৰ কচুতলীত নহয়, সোণাপুৰৰ চামতাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে  প্ৰশাসনৰ উচ্ছেদ অভিযান ৷চামতাস্থিত ষ্টাৰ চিমেন্ট কাৰখানাৰ সন্মুখত থকা  ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে চলালে উচ্ছেদ ৷

উল্লেখ্য যে চামতা – পবিতৰা অভয়াৰন্য সংযোগী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ কাষতে থকা চামতা বনাঞ্চল ভূমিত  দীৰ্ঘদিন ধৰি বহু লোকে অবৈধভাবে দোকান পোহাৰ স্থাপন কৰি ব্যৱসায় চলাই গৈছিল ৷

লোক নিৰ্মাণ বিভাগৰ  লগতে বন বিভাগৰ এই ভূমিত প্ৰায়  ৩৮ খন দোকান আছিল ৷ উচ্ছেদ অভিযানৰ খবৰ আগতিয়াকৈ লাভ কৰাত দোকানী সকলে পুৱাৰে পৰা দোকানৰ বস্তুসমূহ খালী কৰি দোকান গৃহসমূহ ভাঙি নিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :Dergaon News : দেৰগাঁও চিৰিছটিকাত সৰিয়হৰ হালধীয়া দলিচাই বিনন্দীয়া কৰিছে প্ৰকৃতিৰ ৰূপ