Local, Vocal, Global

Dergaon News : দেৰগাঁও চিৰিছটিকাত সৰিয়হৰ হালধীয়া দলিচাই বিনন্দীয়া কৰিছে প্ৰকৃতিৰ ৰূপ

দেৰগাঁও,২৩ ডিচেম্বৰ : দেৰগাঁও চিৰিছটিকাত সৰিয়হৰ হালধীয়া দলিচাই বিনন্দীয়া কৰিছে প্ৰকৃতিৰ ৰূপ।সৰিয়হৰ হালধীয়া হাঁহিয়ে জীপাল কৰিছে খেতিয়কৰ মন, প্ৰাপ্তিৰ আনন্দ, মুগ্ধ কৰিছে সৌন্দৰ্য্য প্ৰিয় লোকক।

বৰ্তমান সৰিয়হ ফুলা বতৰ,অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও চিৰিছটিকাত দেখা গৈছে সৰিয়হৰ মনোৰম দৃশ্য৷ প্ৰকৃতিৰ যেন এখন হালধীয়া চাদৰ, শ শ বিঘা ভূমিত কৃষকে কৰিছে সৰিয়হ। বৰ্তমান হালধীয়া হৈ পৰিছে সৰিয়হ ডৰা। সৰিয়হ ফুলৰ মনোৰম দৃশ্যই আকৰ্ষণ কৰে পথৰুৱাক(Dergaon News)।

সৰিয়হ ফুলৰ লগত ফটো তুলা ব্যস্ত বাটৰুৱা ৰাইজ। সৌন্দৰ্যৰ লগতে বাণিজ্যিক ভাৱে যথেষ্ট লাভদায়ক সৰিয়হ খেতি । বজাৰ মূল্যও আছে সৰিয়হ খেতিৰ। বজাৰো আমাৰ পথাৰো আমাৰ , বজাৰ আৰু পথাৰ হাতত থাকিলেহে অসমীয়াৰ অস্তিত্ব জীয়াই থাকিব।

দেৰগাঁও চিৰিছটিকা অঞ্চলত বহু যুৱকে কোম্পানী চাকৰি এৰি কৃষিকৰ্মৰ জড়িয়তে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে। দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলটোত আৰম্ভ হৈছে কৃষি বিপ্লৱ। বাম খেতিত ব্যস্ত গঞা ৰাইজ ৷

লগতে পঢ়ক :Guwahati Accident: অৱশেষত উদ্ধাৰ হ’ল গুৱাহাটী পথ দুৰ্ঘটনাত নিহত যুৱতীৰ পৰিচয়