Theft in Sipajhar: এইবাৰ চোৰে হাত দিলে মন্দিৰ দানপাত্ৰত
ছিপাঝাৰ,২২ডিচেম্বৰ : এইবাৰ চোৰে হাত দিলে মন্দিৰত । ভগৱানলৈও ভয় নাই চোৰৰ ।
ছিপাঝাৰত সংঘটিত হৈছে অঘটন। ছিপাঝাৰৰ বুঢ়া আৰক্ষীৰ জালত তিনিটাকৈ গভাইত চোৰ।
মন্দিৰৰ দানপাত্ৰ ভাঙি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ব কৰে চোৰকেইটা। চোৰকেইটা হ’ল বৰনদীঝাৰৰ বেদান্ত ৰাজবংশী, আন্ধেৰীঘাটৰ দোংপাৰৰ প্ৰাঞ্জল ৰাজবংশী আৰু বিংনাই বড়ো।
চোৰকেইটাৰ পৰা জব্দ কৰে চোৰে ব্যৱহাৰ কৰা নম্বৰপ্লেট বিহীন এখন ৰয়েল এনফিল্ড হাণ্টাৰ বাইক(Theft in Sipajhar)।
ৰাইজৰ দাবী অনুসৰি, ডকাইতিৰ লগতো জড়িত এইকেইটা চোৰ। দীৰ্ঘদিন ধৰি পশ্চিম দৰঙৰ বিভিন্ন মন্দিৰৰ দানপাত্ৰ চুৰি কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে।
যোৱা নিশা বামুণঝাৰ বিষ্ণু মন্দিৰৰ দানপাত্ৰ ভাঙি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে চোৰকেইটা।আৰক্ষীৰ কাৰ্যক ধন্যবাদ জনায় স্থানীয় ৰাইজে।
লগতে পঢ়ক :Mohali building collapse:পঞ্জাবৰ মোহালিত খহি পৰিল কেইবামহলীয়া নিৰ্মীয়মান অট্টালিকা