Local, Vocal, Global

Fight Against Child Marriage: শদিয়াৰ পৰা ধুবুৰীলৈ অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান

নিউজ ডেস্ক,২২ডিচেম্বৰ : পুনৰ ৰাজ্যজুৰি অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান।শনিবাৰে নিশাৰে পৰা শদিয়াৰ পৰা ধুবুৰীলৈ অসম আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলাই।

আৰক্ষীৰ এই অভিযানত মুঠ ৪১৬ বাল্য বিবাহৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। বৰ্তমানলৈকে ৩৩৫টা গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ‘X’ যোগেদি এই কথা সদৰী কৰে । আজি পৃথকে-পৃথকে আদালতত হাজিৰ কৰা হ’ব অভিযুক্ত সকলক(Assam Police arrests 416 people in massive crackdown against child marriage: CM Himanta Sarma)।

বাল্য বিবাহ বিবাহ অভিযানত ধুবুৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনকো গ্ৰেপ্তাৰ কৰিছে। ধুবুৰী সদৰ থানা এলেকাত ১৭জন, গোলকগঞ্জত ১০জন, গৌৰীপুৰত ১৩ জন, বিলাসীপাৰত ১৬জন, আগমণিত ৪জন আৰু তামাৰহাটত ৩জন গ্ৰেপ্তাৰ কৰিছে(Fight Against Child Marriage)।

হোজাই জিলাতো অসম আৰক্ষীয়ে চলাইছে বাল্য বিবাহ বিৰোধী অভিযান। হোজাই জিলাৰ পৰা মুঠ ১৫জন গ্ৰেপ্তাৰ কৰিছে। গোৱালপাৰাত অসম আৰক্ষীয়ে অভিযান চলাই ২০জনতকৈ অধিক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক :Dhalai police seized narcotics worth over RS 9 crore: ৯ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ ধলাই আৰক্ষীৰ