Dhalai police seized narcotics worth over RS 9 crore: ৯ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ ধলাই আৰক্ষীৰ
নিউজ ডেস্ক,২২ডিচেম্বৰ : ধলাই আৰক্ষীৰ সফল অভিযান।চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে।
৯ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে ধলাই আৰক্ষীয়ে(Dhalai police seized narcotics worth over RS 9 crore)।
উল্লেখ্য যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধলাই জিলাৰ আৰক্ষীয়ে গণ্ডাচৰাৰ উল্টচৰাৰ পৰা ৩ লাখ ৯০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন বাইকৰ পৰা জব্দ কৰা হয় টেবলেটখিনি।
৩৯ টা পেকেটত লুকুৱাই অনা টেবলেটখিনিৰ মূল্য প্ৰায় ৯ কোটি ৭৫ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে। টেবলেট সৰবৰাহৰ অভিযোগত মেলাঘৰৰ ৰাকেশ মিঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক :Operation against child marriage:নগৰবেৰাত বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান