Local, Vocal, Global

Drugs peddler arrested along with drugs:কাছাৰত জব্দ প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ;গ্ৰেপ্তাৰ এজন

নিউজ ডেস্ক,২২ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কাছাৰত STFৰ অভিযান। অভিযানত কাছাৰত প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ।

STF-কাছাৰ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছখিনি। ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটো চাহিল হুছেইন।ঘৰ কাছাৰৰ কাবুগঞ্জত বুলি জানিব পৰা গৈছে ।

বাইকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল ধৃত সৰবৰাহকাৰী কাছাৰৰ কাবুগঞ্জৰ চাহিল হুছেইনে। চাহিল হুছেইনৰ পৰা জব্দ ৬০ হাজাৰ য়াবা টেবলেট, ১২৫ গ্ৰাম হেৰ’ইন।

লগতে পঢ়ক :Operation against child marriage: চাপৰত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান