Local, Vocal, Global

Woman injured in leopard attack:কলিয়াবৰত ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত মহিলা শ্ৰমিক

নিউজ ডেস্ক,২১ডিচেম্বৰ : কলিয়াবৰ চাহ বাগিচাত বাঘৰ সন্ত্ৰাস। শনিবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত মহিলা শ্ৰমিক।আহত মহিলাগৰাকী কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনৰ যমুনা গঁড়।

শিলঘাটৰ ১৩ নম্বৰ বাগানৰ মাজত স্বামী দিলীপ গঁড়ৰ সৈতে খৰি লুৰিবলৈ গৈছিল মহিলাগৰাকী। সেই সময়তে এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰে মহিলাগৰাকীক(Woman injured in leopard attack)।

মহিলাগৰাকীক বাঘৰ মুখৰ পৰা কোনোমতে ৰক্ষা কৰে স্বামী দিলীপ গঁড়ে। এফালে বাঘে টনাৰ বিপৰীতে আনফালে মহিলাগৰাকীক টানি ধৰি ৰক্ষা কৰে স্বামী দিলীপ গড়ে।

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীক জখলাবন্ধাৰ কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :Assam Higher Secondary TET 2024:TET ৰ নতুন সময়সূচী ঘোষণা;২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব TET Cum Recruitment Test