Local, Vocal, Global

Massive fire breaks out in Dhemaji:বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ১৩টাকৈ বাসগৃহসহ কাপোৰৰ গুদাম

ধেমাজি,২১ডিচেম্বৰ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ১৩টাকৈ বাসগৃহসহ কাপোৰৰ গুদাম আৰু কচমেটিক গুডাম।

শনিবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত চিলাপথাৰ নগৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । চিলাপথাৰ নগৰৰ সীতাৰাম টায়ে বজাৰৰ সমীপৰ ১ নং কলনিত সংঘটিত হৈছে দুৰ্ঘটনাটো । অগ্নিকাণ্ডৰ ফলত ১৩ টা বাসগৃহৰ লগতে কেইবাটাও কাপোৰ আৰু প্ৰসাধন সামগ্ৰীৰ গুডাম সম্পূৰ্ণৰূপে ভস্মীভূত হয়।জুইত জাহ যোৱা বাসগৃহ সমূহৰ অধিকাংশই ভাৰাঘৰ আছিল(Massive fire breaks out in Dhemaji)।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা লগে লগে চিলাপথাৰৰ অগ্নিনিৰ্বাক বাহিনীৰ দুখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বাতৰি লিখা পৰলোকৈ জুই নিৰ্বাপন নহয়।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই।

লগতে পঢ়ক :Massive fire breaks out in Lumding:লামডিঙত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত বাসগৃহৰ লগত কেইবালাখ টকাৰ সা-সম্পত্তি