Local Diver Finds Submerged Vehicle with Bodies of Mother and Infant:দুৰ্ঘটনাৰ ৭ ঘণ্টাৰ পাছত বৰাক নৈৰ পৰা উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনসহ মাতৃ-শিশু
নিউজ ডেস্ক,১৮ডিচেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল হেলিনা বেগম বৰভূঞা আৰু তেওঁৰ এবছৰীয়া কন্যা জন্নত আৰা বেগম ৷দুৰ্ঘটনাৰ ৭ ঘণ্টাৰ পাছত বৰাক নৈৰ পৰা উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনসহ মাতৃ-শিশু ।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া বৰখলা মোহনপুৰৰ ৰইছ উদ্দিন নামৰ এজন লোকে অল্টো বাহনেৰে তেওঁৰ পত্নী আৰু এবছৰীয়া কন্যাশিশুক লগত লৈ চিকিৎসাৰ বাবে শিলচৰ চহৰলৈ গৈছিল । চিকিৎসকক দেখুৱাই নিশা শিলচৰ চহৰৰ পৰা বৰখলা মোহনপুৰস্থিত নিজঘৰলৈ উভতি অহাৰ সময়ত ৰায়পুৰত হঠাৎ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা বৰাক নদীত বাগৰি পৰে( Local Diver Finds Submerged Vehicle with Bodies of Mother and Infant)।
ইফালে বাহনখন নৈত পৰি যোৱাৰ পাছত বাহনৰ আইনা ভাঙি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ৰইছ উদ্দিন ওলাই আহে যদিও বাহনখনত থকা তেওঁৰ পত্নী আৰু শিশুকন্যা বাহনসহ পানীত ডুব যায় । ভয়ংকৰ এই দুৰ্ঘটনাৰ খবৰ পাই নিশাতেই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ আৰক্ষী আৰু এছ ডি আৰ এফৰ লগতে বহু স্থানীয় লোক(Woman and her one-year-old daughter drown after car plunges into Barak river)।
আনহাতে, স্থানীয় ৰাইজৰ সহযোগত এছ ডি আৰ এফে ওৰে নিশা নৈত মাতৃ-কন্যাক বিচাৰি অভিযান চলায় যদিও বাহনসহ মাতৃ-কন্যাৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলে । ইয়াৰ পিছত বুধবাৰে পুৱাতে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় । অৱশেষত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
লগতে পঢ়ক:Drugs peddler arrested: কেমেৰাৰ সন্মুখত হঠাৎ ঢলি পৰিল ড্ৰাগছ সৰবৰাহকাৰী