Local, Vocal, Global

Gauhati High Court Bans Buffalo And Bulbul Fight During January:ৰাজ্যত পুনৰ নিষিদ্ধ ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ

নিউজ ডেস্ক,১৯ডিচেম্বৰ : ৰাজ্যত পুনৰ নিষিদ্ধ ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে।

মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে খাৰিজ কৰিলে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা এছ অ’ পি ।

উল্লেখ্য যে, ইফালে ৰাজ্য চৰকাৰৰ এই এছ অ’ পিৰ বিৰুদ্ধে “পেটা” নামৰ এটা স্বেচ্ছাসেৱী সংগঠন ন্যায়ালয়ৰ কাষ চাপিছিল। ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত হৈ থকা ক্ৰুৰতাৰ বহু প্ৰমাণ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল সংগঠনটোৱে(Gauhati High Court Bans Buffalo And Bulbul Fight During January)।

ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি যুঁজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰি পেটাই তথ্য দাখিল কৰিছিল। গোচৰীয়া পক্ষৰ তথ্য প্ৰমাণৰ ভিত্তিতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে।

‘পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ’ (পেটা) ইণ্ডিয়াই দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰা এছ অ’ পি বাতিল কৰে ৷ এই এছ অ’ পিত মাঘৰ বিহুৰ সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল । ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াই এই এছ অ’ পিয়ে ম’হ আৰু বুলবুলি যুঁজে পশুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধৰ নিয়ম উলংঘা কৰে বুলি যুক্তি আগবঢ়ায় ৷

পেটাৰ হৈ যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে ৷ পেটাৰ হৈ ন্যায়ালয়ত অধিবক্তা দাসে যুক্তি প্ৰদৰ্শন কৰে যে ম’হ যুঁজ আৰু বুলবুলি যুঁজে ‘বন্যপ্ৰাণী ক্ৰুৰতা সুৰক্ষা আইন ১৯৬০’ উলংঘা কৰে ৷ আনহাতে বুলবুলি যুঁজে ‘বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২’ উলংঘা কৰে ।

আনহাতে, ন্যায়ালয়ে লগতে ৰাজ্য চৰকাৰৰ এছ অ’ পিএ ২০১৪ চনৰ ৭ মে’ত উচ্চতম ন্যায়ালয়ে এ নাগাৰাজা বনাম এনিমেল ৱেলফেয়াৰ বৰ্ডৰ গোচৰৰ ৰায় উলংঘন কৰে বুলিও ৰায়দান কৰে।

লগতে পঢ়ক :Neighbor attack kills man: সুৰাপান কৰি হাহাকাৰ কৰাৰ বাবে প্ৰতিবেশীয়ে প্ৰাণ ল’লে এজনৰ!