Ex MLA Mustafa shahidul islam passes away:ধিং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ দেহাৱসান
নিউজ ডেস্ক,১৭ডিচেম্বৰ : ধিং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ দেহাৱসান । সোমবাৰে সন্ধিয়া ৬ বজাত GMCHত মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ।
মোস্তাফা ছহিদুল ইছলামে ১৯৮৬ চনত সংযুক্ত সংখ্যালঘু মৰ্চাৰ পৰা ধিং সমষ্টিত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । মোস্তাফা ছহিদুল ইছলামে পৰৱৰ্তী সময়ত সংযুক্ত সংখ্যালঘু মৰ্চা ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । ১৯৯৬ চনত কংগ্ৰেছ দলৰ পৰা পুনৰ ধিং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়(Ex MLA Mustafa shahidul islam passes away)।
মোস্তাফা ছহিদুল ইছলামে ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আছিল । তেওঁ এই সংগঠনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল । মোস্তাফা ছহিদুল ইছলামে বিধায়কৰ কাৰ্যকালত ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী আৰক্ষী থানা প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল । তদুপৰি মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়, মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়, মৈৰাবাৰী মহাবিদ্যালয়, মৈৰাবাৰী ছোৱালী বিদ্যালয় আদি প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল ।
মোস্তাফা ছহিদুল ইছলামে ধিং বিধানসভা সমষ্টিত বিভিন্ন জনহিতকৰ কাম কৰাৰ উপৰি পিতৃৰ নামতো বিদ্যালয় স্থাপন কৰিছিল । প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ মৃত্যুত মৈৰাবাৰী অঞ্চলত শোকৰ ছাঁ পৰে । তেওঁৰ মৃত্যুত ধিং সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক :Drug mafia again attacks cops:পুনৰ আৰক্ষীক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ