Local, Vocal, Global

Tragic road accident in Dibrugarh:ডিব্ৰুগড়ৰ লাহোৱালত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু কইনাৰ ভাতৃৰ

নিউজ ডেস্ক,১৬ডিচেম্বৰ : ডিব্ৰুগড়ৰ লাহোৱালত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু কইনাৰ ভাতৃ।ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঈশান গগৈ ।

ঈশানৰ মৃতদেহ উদ্ধাৰৰ পাছতে দুৰ্ঘটনাস্থলীত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে। এফালে ঘৰৰ পৰা জীয়ৰীক কন্যাদান কৰি উলিয়াই দিয়াৰ কেইটামান ঘণ্টাৰ পাছতে একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰে জোঁকাৰি গৈছে পৰিয়ালটোক। দুৰ্ঘটনাস্থলীত মাতৃ তথা আত্মীয়ৰ হিয়াভগা কান্দোনে শোকাহত কৰি তুলিছে উপস্থিত প্ৰতিগৰাকীকে(Tragic road accident in Dibrugarh)।

উল্লেখ্য যে,ডিব্ৰুগড়ৰ লাহোৱালত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাত। পুৱতি নিশা ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত কইনা থৈ টেঙাখাতৰ তামুলীখাটৰ ঘৰলৈ এখন ব্ৰেজা বাহনত উভতি আহিছিল পাঁচ যুৱক। সেই সময়তে চেঁচা নদীত পৰে বাহনখন। দুৰ্ঘটনাৰ পাছতে কোনোমতে গাড়ীৰ পৰা ওলাই নদীৰ পাৰত উপস্থিত হয় ৪ যুৱক। কিন্তু বাহনৰ সন্মুখভাগ পানীত বেয়াকৈ আবদ্ধ হৈ থকাৰ ফলত ওলাই আহিব নোৱাৰিল ঈশান। প্ৰায় তিনি, চাৰি ঘণ্টা ধৰি বাহনত আবদ্ধ হৈ আছিল ঈশান। ফলত প্ৰাণ হেৰুৱালগীয়া হ’ল ঈশানে।

আনহাতে স্থানীয় লোকৰ তৎপৰতাত সংকটজনক অৱস্থাত ৪ যুৱকক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। আহত যুৱকসকল ক্ৰমান্বয়ে অখিৰাজ গগৈ, বিপ্লৱ গগৈ, লাটুৰাজ গগৈ আৰু ত্ৰিদীপ গগৈ। পৰৱৰ্তী সময়ত লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীৰ সহযোগত SDRF বাহনখনৰ পৰা উদ্ধাৰ কৰে ঈশান গগৈৰ মৃতদেহ।

লগতে পঢ়ক :Rhino attack injures one in Mayang : পবিতৰাৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত কৃষক