Elephant menace in Lanka: লংকাত বন্যহস্তীৰ সন্ত্ৰাস;ভাঙি লণ্ড-ভণ্ড ১৫টাকৈ ঘৰ

নিউজ ডেস্ক,১৬ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Lanka)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ লংকাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নিশা এটা বনৰীয়া হাতীয়ে লংকাৰ উদালি নেপালী গাঁৱত তাণ্ডৱ চলাই । বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই প্ৰায় ১৫টা ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে।
উল্লেখযোগ্য যে বনৰীয়া হাতীটোৱে বহু কেইজন কৃষকৰ ধান,বাৰীৰ তামোল, নাৰিকল গছ আদিৰো ক্ষতি-সাধন কৰে।
আনহাতে খবৰ দিয়াৰ পাছতো বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ক্ষতিগ্ৰস্থই।