Road Accident in Moran:বাইকৰ খুন্দাত নিহত চেপন আৰক্ষী চকীৰ উপপৰিদৰ্শক
নিউজ ডেস্ক,১৬ডিচেম্বৰ :মৰাণত শোকাৱহ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত নিহত চেপন আৰক্ষী চকীৰ উপপৰিদৰ্শক সুনীল দিহিঙীয়া।
জানিব পৰা মতে, পুৱা এজন লোকৰ সৈতে প্ৰাতঃভ্ৰমণলৈ গৈছিল দিহিঙীয়া।খোজ কাঢ়ি গৈ থকা অৱস্থাতে বাইকৰ প্ৰচণ্ড খুন্দা মাৰে।বাইকৰ খুন্দাত মূৰত আঘাত পাই থিতাতে মৃত্যু সুনীল দিহিঙীয়াৰ(Road Accident in Moran)।
দুৰ্ঘটনা সংঘটিত কৰা বাইকচালকজন মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰ। দুৰ্ঘটনাটোত আহত হয় বাইকচালকসহ ৩জন লোক।