Local, Vocal, Global

Massive fire breaks out in Jamugurihat:বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

জামুগুৰিহাট,১৬ডিচেম্বৰ : চতিয়াৰ বালিজুৰি শনিবৰীয়াত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷

সোমবাৰে পুৱাই সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ যায় ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷জুয়েলাৰী,হোটেল,চাইকেল ষ্টোৰকে ধৰি ৯ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবা লক্ষাধিক সা সম্পত্তি জুইত জাহ যায়৷

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় ।অগ্নিকাণ্ডৰ ফলত ৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়(Massive fire breaks out in Jamugurihat)৷

পলমকৈ হলেও ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ বাহনেৰে জুই নিৰ্বাপন কৰে।

লগতে পঢ়ক :Tragic incident:নদীত পৰিল যাত্ৰীবাহী বাছ;আহত ৪জন,সন্ধানহীন এজন