Local, Vocal, Global

Sivsagar News: শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত দহ হেজাৰ এশ গৰাকী আয়তীৰ দিহানাম

শিৱসাগৰ,১৫ডিচেম্বৰ : শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত আজি একেলগে দহ হেজাৰ এশ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম।

যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা ১০ হেজাৰো অধিক আই মাতৃয়ে পৰিৱেশন কৰিলে দুটা দিহানাম।

দিহানাম পৰিৱেশন কৰি নাম খোদিত কৰিলে ” আসাম বুক অৱ ৰেকৰ্ড’ছত । সৰ্বাধিক মহিলাই হাত চাপৰি মৰা ৰেকৰ্ডো হোৱা বুলি সদৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই । ইয়াৰ উপৰিও নেশ্যনেল বুক অৱ ৰেকৰ্ডছত স্থান লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে ৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডছ ৰ প্ৰতিনিধিয়ে(Sivsagar News)।

আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলা আৰু আসাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ৰেকৰ্ডছৰ বিষয়ববীয়াৰ উপৰিও অতিথি হিচাপে উপস্থিত থাকে বিধায়ক অখিল গগৈ, আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীস, দিহানামৰ সম্ৰাট কমলা গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈৰ ৰসাল ভাষণ – মই কিবা এটা সহযোগ কৰিছোঁ, ইমান ভাল অনুষ্ঠান হ’ব বুলি জনা হ’লে আৰু বহুত দিলোহেঁতেন । “

অন্যহাতে এই অনুষ্ঠানত দিহানাম পৰিৱেশন কৰি অতিকৈ আনন্দ প্ৰকাশ কৰে আয়তী সকলে।

লগতে পঢ়ক :Massive fire breaks out in Cachar: বিধ্বংসী অগ্নিকাণ্ড;জুইত জাহ গ’ল ১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান