Road Accident in Kachua:নম্বৰ বিহীন জেচিবি আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ,আহত গৰ্ভৱতী মহিলাসহ শিশু

কামপুৰ,১৪ডিচেম্বৰ : কচুৱাৰ সোণাৰুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
নম্বৰ বিহীন জেচিবি আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত মটৰ চাইকেলত থকা গৰ্ভৱতী মহিলাসহ এগৰাকী ছয়বছৰীয়া শিশু আহত।
আহত দুজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে(Road Accident in Kachua)।
অধিক ৰক্তক্ষৰণ হোৱাত গৰ্ভৱতী মহিলাগৰাকীক মডেল হাস্পতাত প্ৰাথমিক চিকিৎসৰ অন্তত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন জেচিবিৰ চালকক আটক কচুৱা আৰক্ষীৰ।
মটৰচাইকেল খনৰ নম্বৰ এ এছ ০২ এ কিউ ৪২১৪।
লগতে পঢ়ক :Nagarbera News:ৰাজ্যৰ স্বাস্থ্য আৰু যাতায়ত ব্যৱস্থাৰ পয়ালগা ছবি