Nagarbera News:ৰাজ্যৰ স্বাস্থ্য আৰু যাতায়ত ব্যৱস্থাৰ পয়ালগা ছবি

নগৰবেৰা,১৪ডিচেম্বৰ :ৰাজ্যৰ স্বাস্থ্য আৰু যাতায়ত ব্যৱস্থাৰ পয়ালগা ছবি৷চিকিৎসালৈ আহোতে ই-ৰিক্সাতে সন্তান প্ৰসৱ এগৰাকী গৰ্ভৱতী মহিলাৰ৷
এই ঘটনাটো সংঘটিত হৈছে চেঙাৰ আলোপতিত৷
জানিব পৰা মতে,ভাতনাপাইতি গাঁৱৰ মৰ্জিনা বেগমক সন্তান প্ৰসৱৰ বাবে চিকিৎসালয়লৈ নিব যদিও বাট পথৰ দুৰৱস্থাৰ বাবে গাওঁখনলৈ নাযায় গাড়ী মটৰ বা এম্বুলেন্স৷ সেয়ে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালে ই-ৰিক্সা এখনকে ভাড়া কৰি আলোপতি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ আহোতে মাজবাটতে ই-ৰিক্সাতে গৰ্ভৱতী মহিলা গৰাকীয়ে প্ৰসৱ কৰে এটি পুত্ৰ সন্তান(Nagarbera News)৷
পিছত শিশুসহ অসুস্থ মাতৃক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত মাতৃ আৰু দেৱ শিশুটো সম্পূৰ্ণ সুস্থ বুলি পৰিয়ালৰ লোকে সদৰী কৰে৷
উল্লেখ্য যে,চেঙা সমিষ্টিৰ বৃহত্তৰ চৰাঞ্চলত চিকিৎসালয় সমূহত পৰ্যাপ্ত সুবিধা উপলব্ধ নথকাৰ লগতে বাট পথৰ দুৰৱস্থা আৰু এম্বুলেন্স সেৱাৰ অভাৱত বিভিন্ন সময়ত ৰোগী বা গৰ্ভৱতী মহিলাক ঘোড়া গাড়ী,সাঙী বা ই-ৰিক্সাৰে অনা নিয়া কৰিবলগীয়া হোৱাত অনুৰূপ ঘটনা পূৰ্বতেও একাধিকবাৰ সংঘটিত হৈছিল৷
সেয়ে চৰাঞ্চলৰ বাট পথ সমূহৰ উন্নতি,স্বাস্থ্য কেন্দ্ৰ সমূহত পৰ্যাপ্ত সুবিধা উপলব্ধ কৰাৰ লগতে আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত এম্বুলেন্সৰ যোগান ধৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে৷