One killed in wild Elephant attack in Behali: বিহালীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু চাহ বাগানত কৰ্মৰত লোকৰ

নিউজ ডেস্ক,১৪ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Behali)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ বিহালীৰ বুৰৈগুৰীত শনিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা(One killed in wild Elephant attack in Behali)।
শনিবাৰে পুৱা ৫.৩০ বজাত বন্যহস্তীৰ গচকত চাহ বাগানত কৰ্মৰত এজন লোকৰ মৃত্যু হয়।মৃত লোকজন মিলন কিষাণ। তেওঁৰ বয়স প্ৰায় ৫০ বছৰ । নিহত লোকজনৰ ঘৰ বিহালীৰ নাচবৰত । কৰ্মসূত্ৰে তেওঁ বিহালীৰ বুৰৈগুৰীৰ অশোক দাসৰ ঘৰত প্ৰায় ১৫ বছৰ ধৰি আছিল।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত বিহালী আৰক্ষী আৰু বৰগাঙৰ বন বিভাগৰ লোক উপস্থিত হয় আৰু নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ইফালে বুৰৈগুৰীৰ ৰাইজে হাতী-মানহৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় । লগতে নিহত লোকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে বন বিভাগৰ ওচৰত দাবী জনায়।