Assam State Election Commission publishes draft electoral rolls for Panchayat polls:আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ

নিউজ ডেস্ক,১৪ডিচেম্বৰ : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে খচৰা ভোটাৰ তালিকা ৷
ৰাজ্য চৰকাৰে ২০২৪ চনত ষষ্ঠ অনুসূচী এলেকা আৰু পৌৰ নিগমৰ এলেকাবোৰ বাদ দি ২৭ খন জিলাৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ ওপৰত নিৰ্ভৰ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি এই খচৰা ভোটাৰ তালিকাত মুঠ ১,৭৫,৫৪,৫৮৯ গৰাকী ভোটাৰ আছে । ইয়াৰে ভিতৰত ৮৮,২৯,৯২৭ গৰাকী পুৰুষ, ৮৭,২৪,২৭৪ গৰাকী মহিলা আৰু ৩৮৮ গৰাকী অন্যান্য শ্ৰেণীৰ ভোটাৰ আছে।আনহাতে, ৰাজ্যখনৰ ২৭ খন জিলাত ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১,৯৩০ টা ৱাৰ্ডৰ বাবে মুঠ ২৩,৭৮১ টা ভোটকেন্দ্ৰ আছে(Assam State Election Commission publishes draft electoral rolls for Panchayat polls)।
“খচৰা ভোটাৰ তালিকাখন গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত (https://ermssec.assam.gov.in) ৰাইজ/ভোটাৰসকলৰ বাবে উপলব্ধ হ’ব । ভোটাৰসকলে খচৰা ভোটাৰ তালিকাত তেওঁলোকৰ নাম ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰদান কৰা নিজৰ ই পি আই চি নম্বৰৰ জৰিয়তে বা উক্ত ৱেবছাইটত চিটিজেন কৰ্ণাৰৰ পৰা তেওঁলোকৰ ভোটকেন্দ্ৰৰ খচৰা তালিকা ডাউনলোড কৰি পৰীক্ষা কৰিব পাৰে ।” অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক সংবাদমেলত কয় ।
“খচৰা ভোটাৰ তালিকাত নাম সন্নিৱিষ্টৰ ওপৰত যদি কিবা দাবী আৰু আপত্তি থাকে, তেন্তে ডিচেম্বৰৰ ১৪ তাৰিখৰ পৰা ২১ তাৰিখলৈ ইয়াক দাখিল কৰিব পাৰিব । দাবী আৰু আপত্তি দাখিল কৰাৰ প্ৰক্ৰিয়াটো সংশ্লিষ্ট ই আৰ অ’/এ ই আৰ অ’/জিলা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি জানিব পাৰিব । দাবী আৰু আপত্তি দাখিলৰ ফৰ্মেট ই আৰ অ’/এ ই আৰ অ’ আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ ।” অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কয়।
লগতে পঢ়ক :Cyber criminal arrested:অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল