NIA Raids 19 Locations:অসমকে ধৰি দেশৰ ১৯টা স্থানত জইছ-ঈ-মহম্মদৰ ঘাটি NIAৰ অভিযান;অভিযানত গোৱালপাৰাত এজনক গ্ৰেপ্তাৰ
নিউজ ডেস্ক,১২ডিচেম্বৰ: অসমকে ধৰি দেশৰ ১৯টা স্থানত জইছ-ঈ-মহম্মদৰ ঘাটি উচ্ছেদৰ বাবে NIAৰ অভিযান। STFৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলায় NIAয়ে। গোৱালপাৰাটো চলাই NIAই অভিযান(NIA Raids 19 Locations, Including Assam)।
অভিযানত জঈচ-ঈ-মহম্মদৰ লগত জড়িত থকাৰ সন্দেহত টুকুৰাৰ পৰা গ্ৰেপ্তাৰ এজনক।গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ছাহানুৰ আলম বুলি চিনাক্ত।
ছাহানুৰ আলমৰ লগতে আন তিনিজনক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ছাহানুৰক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে(NIA Raids 19 Locations)।
জইছ-ঈ-মহম্মদৰ সৈতে জড়িত লোকসকলে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰোৱাৰ চেষ্টা কৰাৰ অভিযোগত এই অভিযান চলোৱা হৈছে।