Daily Horoscope for 12th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ ঘৰত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হ’ ব৷ উপহাৰ লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ যাত্ৰাৰ বাবে সময় অনুকূল ৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে ৷
বৃষ : দিনটো ক্ষোভ আৰু হতাশাৰে ভৰা হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ আৰ্থিক সমস্যাই চিন্তাত পেলাব ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
মিথুন : পৰিয়ালত সুখ-শান্তি বৰ্তী থাকিব ৷ ব্যৱসায়ত লাভ ৷ আনৰ পৰা কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে সময় অনুকূল ৷ বন্ধুৰ পৰা কোনো লাভ হ’ব পাৰে ৷ আয় বৃদ্ধিৰ যোগ ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷
কৰ্কট : আজি ঘৰুৱা কাৰণত সময় আৰু ধন ব্যয় কৰিবলগীয়া হ’ব ৷ ব্যৱসায়ত লাভ ৷ পৰিয়ালত শান্তি বৰ্তী থাকিব ৷ চৰকাৰী কামত লাভ ৷ সন্মান বৃদ্ধি পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷
সিংহ : আজি কোনো কথা খং উঠিব পাৰে ৷ যিয়ে দিনটো ব্যতিব্যস্ত কৰি ৰাখিব পাৰে আপোনাক ৷ অশান্তিত ভুগিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব ৷
কন্যা : আজি কোনো নতুন কাম আৰম্ভ নকৰাটোৱেই ভাল ৷ হাতত থকা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক ৷ ব্যৱসায়ীৰ বাবে এটা সাধাৰণ দিন ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ খং নিয়ন্ত্ৰণত ৰাখক ৷ অধিক ধন ব্যয় হ’ব পাৰে ৷
তুলা : আজিৰ দিনটো আনন্দ আৰু ৰোমাঞ্চকৰ হ’ব ৷ সন্মান লাভৰ যোগ ৷ ব্যৱসায়ত উন্নতি ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷মানসিক স্থিতি অতি উত্তম হ’ব ৷ বন্ধুৰ সৈতে সময় কটাব পাৰে ৷
বৃশ্চিক : পাৰিবাৰিক শান্তিয়ে মন আনন্দিত কৰি ৰাখিব ৷ বিচৰা সফলতা লাভ কৰিব ৷ চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ কৰিব ৷হঠাৎ ধন খৰচ হ’ব পাৰে ৷ বিনিয়োগৰ কথা ভাবিব পাৰে ৷ ৰোগৰ পৰা উপশম লাভ কৰিব ৷
ধনু : আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পেটৰ সমস্যাই অশান্তি দিব পাৰে ৷ কৰ্মত সফলতা লাভ নকৰাত নিৰাশ হ’ব পাৰে ৷ ভ্ৰমণত সতৰ্ক হওক ৷ চাকৰিয়াল সকলে নিজৰ কামত মনোযোগ দিয়ক ৷
মকৰ : আজি শাৰীৰিক আৰু মানসিক সমস্যাই অশান্তি দিব পাৰে ৷ পৰিয়ালৰ মাজত বিবাদ হ’ব পাৰে ৷ আপোনজনৰ সৈতে মতবিৰোধ হ’ব পাৰে ৷ বুকুৰ বিষত ভুগিব পাৰে ৷ মানসিক স্বাস্থ্যত প্ৰতিকূলতা সৃষ্টি হ’ব পাৰে ৷
কুম্ভ : মনৰ পৰা চিন্তা আঁতৰিব ৷ মানসিকভাৱে সুখী অনুভৱ কৰিব ৷ শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব ৷ পাৰিবাৰিক দিশত সুখ বৰ্তী থাকিব ৷ কৰ্মস্থলীত সফলতাৰে দিনটো পাৰ হ’ব ৷ :
মীন : আজি কথা কওঁতে সাৱধান হওক ৷ আৰ্থিক লেন-দেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বিঘ্নিত হ’ব পাৰে ৷ পৰিয়ালৰ মাজত বিবাদৰ সম্ভাৱনা ৷