Tragic Road accident in Chapar :ঘোঁৰা গাড়ীত খুন্দা অচিনাক্ত বাহনৰ;নিহত এজন,আহত এজন
চাপৰ,১১ডিচেম্বৰ : চাপৰত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।চাপৰ আঞ্চলিক শ্মশানৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত আন এজন।ঘোঁৰা গাড়ীৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো।
ঘন কুৱলীৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।নিহত যুৱক গৰাকী ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱৰ আমিৰ হুছেইন বুলি জানিব পৰা গৈছে(Tragic Road accident in Chapar)।
জীৱন, জীৱিকাৰ সন্ধানত ওলাই অহা ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱৰ আমিৰ হুছেইন আৰু ঘৰলৈ উভতি নাহিল।ঘোঁৰাৰ গাড়ীৰে পাচলি বিক্রি কৰিবলৈ আহিছিল চাপৰ বজাৰত, পাচলি বিক্রি কৰি নিজ ঘৰলৈ উভতাৰ পথত চাপৰ আঞ্চলিক শ্মশানৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা তীব্র বেগী অচিনাক্ত বাহনে ঘোঁৰাৰ গাড়ীত খুন্দা মাৰে ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় ঘোঁৰাৰ গাড়ী চালক আমিৰ হুছেইন(২৫) আৰু গুৰুতৰভাৱে আহত হয় ওমৰ আলী(৩০) নামৰ যুৱক দুজন। উভয়ৰে ঘৰ ধীৰেৰচৰ ১ম খণ্ড গাঁৱত।গুৰুতৰভাৱে আহত ওমৰ আলীক প্ৰথমতে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। উক্ত দুৰ্ঘটনাটোই সমগ্ৰ চাপৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক:Road Accident in Karbi Anglong: ড্ৰাম্পাৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত বাইক আৰোহী