Ration Card:টকা দিওক আৰু লৈ যাওঁক ৰেচন কাৰ্ড;ৰেচন কাৰ্ডৰ নামত মুকলি বজাৰ
নিউজ ডেস্ক,১১ডিচেম্বৰ : টকা দিওক আৰু লৈ যাওঁক ৰেচন কাৰ্ড।ৰেচন কাৰ্ডৰ নামত চলিছে মুকলি বজাৰ।
গোৱালপাৰাত চৰকাৰী আচঁনিৰ নামত ভয়ংকৰ বজাৰ।অন কেমেৰা টকা লোৱাৰ দৃশ্য । টকা লোৱা আৰু দিওতাৰ কথা কম তাৰ পূৰ্বে শুনক গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ কেনেদৰে চলিছে ৰেচন কাৰ্ডৰ নামত মুকলি বজাৰ । কেইদিন মান পূৰ্বে এই ভয়ংকৰ অভিযোগ আনিছিল গোৱালপাৰা পৌৰসভাৰ ১৭ নং পৌৰ আয়ুক্ত ধনজীৱ ৰাভাই(Ration Card)।
এয়া আছিলে গোৱালপাৰা পৌৰসভাৰ ১৭ নং পৌৰ আয়ুক্ত ধনজীৱ ৰাভাই দাঙি ধৰা অভিযোগ। এই অভিযোগৰ ভিত্তিতে আমাৰ সাংবাদিকে ইয়াৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছিল আৰু আজি হাতে লোটে টকা লোৱাৰ এটা ভিডিঅ সংগ্ৰহ কৰে। এইবাৰ এই ভিডিওটো মন কৰক। এয়া হৈচে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় কেন্টিন। এই কেন্টিনত চলে ৰেচন কাৰ্ডৰ নামত দৰদাম।
ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ নামত যে বৃহৎ ধনৰ লেনদেন হয় গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত। তাৰেই প্ৰমান এইটো ভিডিঅ। ভিডিঅ টোত টকা দিয়া জন হ’ল অগপ নেতা সাদিক আহমেদ আৰু টকা টকা লোৱা জন গোৱালপাৰা জিলাৰ খাদ্য বিষয়া নৱকান্ত ডেকা।
ইতিমধ্যে খাদ্য বিষয়া নৱকান্ত ডেকা আৰু ইনচপেকটৰ ৰাজিব দাস অন্য জিলা লৈ বদলিকৰণ হৈছে। এতিয়া কথা হল বহু দিন আগতেই ১৭ নং পৌৰ আয়ুক্ত ধনজীৱ ৰাভাই অভিযোগ অনাৰ পাছতো কিয় নিমাত হৈ আছিল গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ । নিমাত থকাৰ কাৰণ এটাই আছিল নেকি। সমান টকাৰ অংশীদাৰ লৈছিল নেকি কোনোবাই । বিভাগটোৰ কোনোবা বিষয়া অত প্ৰত ভাৱে জৰিত হৈ আছে নেকি। আমি পৰৱৰ্তি প্ৰতিবেদনত আৰু ফাদিল কৰিম গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ কেণ্টিনত কি চলে,গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগত কি চলে।
লগতে পঢ়ক:Road Accident in Jorhat:সুৰামত্ত চালকে মহতিয়াই নিলে ৰখাই থোৱা বাহন