Tragic Road accident in Silchar:কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল পিতৃ

নিউজ ডেস্ক,১০ডিচেম্বৰ : কন্যা বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল পিতৃ।কৰুণ দুৰ্ঘটনাত মৃত্য়ু হ’ল পিতৃৰ ।মৃত লোকজনৰ নাম মইন উদ্দিন লস্কৰ ৷ ঘৰ উধাৰবন্ধৰ শালগঙ্গাত।
এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত(Tragic Road accident in Silchar)।
জানিব পৰা মতে, মইন উদ্দিন নামৰ লোকজনে নিজৰ পত্নী আৰু ছোৱালীক লগত লৈ বিয়াৰ বজাৰ কৰিবলৈ আহিছিল শিলচৰত।বজাৰ কৰি পত্নী আৰু কন্যাক এখন অটো তুলি নিজে স্কুটীৰে ঘৰৰলৈ ৰওনা হৈছিল মইন উদ্দিন। শিলচৰ-মণিপুৰ পথৰে স্কুটী লৈ যোৱাৰ সময়ত ৰংপুৰ অঞ্চলত হঠাৎ জগন্নাথ ট্রাভেলছৰ এখন বাছে পিছৰ পৰা দ্ৰুতগতিত আহি খুন্দা মাৰে স্কুটীখনত।স্কুটীসহ ৰাজপথত বাগৰি পৰি থিতাতে মৃত্যু হয় মইন উদ্দিন নামৰ লোকজনৰ। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি জগন্নাথ ট্রাভেলছৰ বাছ খন পলাই যায় যদিও আৰক্ষীয়ে কাছাৰৰ বাশকান্দিৰ পৰা আটক কৰে বাছখনৰ চালকক।
আনহাতে ভয়ংকৰ এই দুৰ্ঘটনাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।
লগতে পঢ়ক :Cops exhume woman’s body after 6 days:মৃত্যুৰ ৬ দিন পিছত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে যুৱতীৰ মৃতদেহ