World Human Rights Day 2024:আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস
নিউজ ডেস্ক,১০ডিচেম্বৰ: আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনটোত মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়(World Human Rights Day 2024)।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনত সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ চিনস্বৰূপে ১৯৫০ চনৰ পৰা প্ৰতিবছৰে ১০ ডিচেম্বৰত এই দিৱস পালন কৰি অহা হৈছে।ইউ ডি এইচ আৰে মানৱ অধিকাৰৰ সুৰক্ষা আৰু প্ৰচাৰৰ বাবে এক বিশ্বজনীন মানক হিচাপে কাম কৰে ।
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission, NHRC) কয়, “মানৱ অধিকাৰ দিৱস হৈছে বিশ্বজুৰি বিভিন্ন অংশীদাৰসকলৰ বাবে তেওঁলোকৰ কাৰ্যকলাপ আৰু দায়বদ্ধতাৰ ওপৰত চিন্তা কৰাৰ এক সুযোগ, যাতে তেওঁলোকে মানৱ অধিকাৰ উলংঘনত অৰিহণা নোযোগায় ।”
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ উদ্দেশ্য
মানৱ অধিকাৰ দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ লোকসকলক মানৱ অধিকাৰৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু ইয়াক পালন কৰাৰ বিষয়ত সজাগ হোৱা। প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটোত চৰকাৰী পক্ষৰ উপৰিও বেচৰকাৰী সংগঠনসমূহ, সাধাৰণ লোকসকলে মানৱ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰাৰ উদ্দেশ্যৰে একত্ৰিত হৈ আহিছে।
ভাৰতত মানৱ অধিকাৰ দিৱস
ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত মানৱ অধিকাৰ আইন কাৰ্যকৰী হৈছিল। তাৰপিছত চৰকাৰে ১৯৯৩ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।
মানৱ অধিকাৰৰ ভিতৰত আছে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ। ইয়াৰ ভিতৰত আছে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ আদি।
লগতে পঢ়ক :Dhubri police arrest cyber criminal:গৌৰীপুৰ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী