Daily Horoscope for 8th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ : আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস অতি শক্তিশালী হ’ব। বহু কামত সফলতা লাভ কৰিব পাৰিব। কঠোৰ পৰিশ্ৰম আৰু সঠিকভাৱে কৰা কামে লাভ কঢ়িয়াই আনিব।
বৃষ : আজি আপোনাৰ বাবে এটা ভাল দিন । ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালত আপোনাৰ স্থিতি শক্তিশালী হ’ব।
মিথুন : আজিৰ দিনটো অনুকূল দিন। শিক্ষাৰ্থীৰ শুভ। পৰিয়ালৰ সকলোৰে সহযোগিতা লাভ কৰিব।
কৰ্কট : আজি আপোনাৰ বাবে এক শক্তিশালী দিন। আপোনাৰ ব্যৱসায় শক্তিশালী হ’ব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন ধাৰণা ৰূপায়ণ কৰিব পাৰিব।
সিংহ : পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। আপোনাৰ স্বাস্থ্যও ভাল হ’ব।মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ।
কন্যা : শিক্ষাৰ্থীৰ শুভ। আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব।
তুলা : আজি আপোনাৰ বাবে সুখেৰে ভৰা দিন হ’ব।পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব।শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ প্ৰেমত শুভ।
বৃশ্চিক : মানসিক স্বাস্থ্য উন্নত৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ৷ শাৰীৰিকভাৱে সুস্থ৷
ধনু : আজি এটা ভাল দিন হ’ব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লাগিব পাৰে।
মকৰ : ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক।
কুম্ভ : ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ উপাৰ্জনও ভাল হ’ব। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব।
মীন : আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব।