Man sexually Assaults Minor:ৰঙিয়াত ৩৫বছৰীয়া লম্পটৰ কামনাৰ বলি কনমাণি
ৰঙিয়া,৭ডিচেম্বৰ: ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ ৰঙিয়াত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ ।
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (Man sexually Assaults Minor) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(Man sexually Assaults Minor)।
গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ৰঙিয়াত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা।এইবাৰ ৰঙিয়া তিতকুৰিত ৩৫বছৰীয়া লোকৰ কামনাৰৰ বলি এটি কণমানি শিশু।
বৰ্তমান ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়া অঞ্চলত।
ইতিমধ্যেই ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিশুটিৰ পিতৃ মাতৃয়ে। এজাহাৰ দাখিল কৰাৰ পাছতেই লম্পটক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক :Python recovered in Dibrugarh: ডিব্ৰুগড়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰ