Local, Vocal, Global

Parliament Winter Session: টকাৰ বাণ্ডেলক লৈ ৰাজ্যসভাত হাহাকাৰ

নিউজ ডেস্ক,৭ডিচেম্বৰ: টকাৰ বাণ্ডেলক লৈ ৰাজ্যসভাত হাহাকাৰ।নোহোৱা নোপোজা ঘটনা এইবাৰ ৰাজ্যসভাত।

সংসদৰ শীতকালীন অধিৱেশনৰ নৱম দিনটোতো তীব্ৰ হুলস্থূলৰ মাজেৰে উত্তাল হৈ পৰে ৰাজ্যসভাৰ মজিয়া ৷ প্ৰসংগ আছিল এগৰাকী কংগ্ৰেছ সাংসদ ৷ বিভিন্ন প্ৰশ্ন-উত্তৰ শিতানৰ হুলস্থূলৰ মাজতে হঠাৎ অন্য এক ঘটনাই উত্তাল কৰি তুলিলে সদনৰ মজিয়া ৷

কংগ্ৰেছ নেতা অভিষেক মনু সিংভীৰ (Abhishek Manu Singhvi) আসনত লুকুৱাই থোৱা অৱস্থাত সংসদৰ নিৰাপত্তাৰ দায়িত্বত থকা লোকে উদ্ধাৰ কৰে মোটা অংকৰ নগদ ধন ৷ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কংগ্ৰেছ নেতাগৰাকীৰ আসনত নিৰাপত্তাৰক্ষী বিষয়াই নগদ ধন উদ্ধাৰ কৰে বুলি সদনত অৱগত কৰে ৷ ইয়াৰ পিছতে উচ্চ সদনত এক বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা যায় ।

ৰাজ্যসভাৰ অধ্যক্ষগৰাকীৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে এই কথা শুনি তেওঁ ‘আচৰিত’ হোৱা বুলি কয় ৷তেওঁ কয় – ময়ো যথেষ্ট আচৰিত হৈছো । কেতিয়াও শুনা নাই এনে কথা । কালি দুপৰীয়া ১২:৫৭ বজাত সদনৰ ভিতৰত উপস্থিত হ’লো ৷ দুপৰীয়া ১ সদন আৰম্ভ হ’ল ৷ দুপৰীয়া ১ বজাৰ পৰা ১:৩০ বজালৈ অযোধ্যা প্ৰসাদৰ লগত কেন্টিনত বহি খাদ্য খালো । ১:৩০ বজাত মই সংসদৰ পৰা ওলাই আহিলো ৷ গতিকে কালি মই সদনত মুঠ ৩ মিনিট আৰু কেন্টিনত ৩০ মিনিট আছিলো ৷ এনে বিষয়তো ৰাজনীতি কৰাটো মোৰ বাবে আচৰিত কথা(Parliament Winter Session)।

লগতে পঢ়ক :Truck loaded with cattle seized in Sarthebari: সৰ্থেবাৰীত জব্দ ৫খনকৈ গৰু ভৰ্তি ট্ৰাক