Assam bans complete consumption of beef in public places, hotels :অসমত হোটেল-ৰেস্তোৰাঁকে ধৰি কোনো ৰাজহুৱা স্থানত নিষিদ্ধ গো-মাংস
নিউজ ডেস্ক,৫ডিচেম্বৰ : ৰাজ্যিক কেবিনেটত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অসমত হোটেল-ৰেস্তোৰাঁকে ধৰি কোনো ৰাজহুৱা স্থানত নচলিব গো-মাংস ভক্ষণ। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। পূৰ্বে মন্দিৰৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Assam bans consumption of beef in hotels, public spaces)।
দিল্লীৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমত হোটেল, ৰেস্তোৰাঁত নচলিব গো-মাংস ৷ কোনো ৰাজহুৱা উৎসৱ-পাৰ্বণৰ লগতে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণত আমি বাধা আৰোপ কৰিছো । ” চামগুৰি উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ পৰাজিত হোৱাৰ পিছত কংগ্ৰেছে গো-মাংসক লৈ এক বিতৰ্কৰ সূচনা কৰিছিল ।
বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতৃত্বই ৷ এককথাত ৰাজহুৱা স্থানত ৰাজ্যত গো-মাংস ভক্ষণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তাৰেই প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে(Assam bans complete consumption of beef in public places, hotels)৷
ৰাজহুৱা স্থানত গো-মাংস প্ৰচলন নিষিদ্ধ কৰাৰ ফলত কি লাভ হ’ব তাৰো যুক্তি- ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক :Prisoner Found Dead in Lakhimpur Jail: লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহনন