Local, Vocal, Global

Prisoner Found Dead in Lakhimpur Jail: লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহনন

নিউজ ডেস্ক,৪ডিচেম্বৰ: লখিমপুৰ জিলা কাৰাগাৰত মৰ্মান্তিক ঘটনা । লখিমপুৰ জিলা কাৰাগাৰৰ উদ্ধাৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো পৱন বৰুৱা বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত মৃতকৰ আত্মীয়ই জনোৱা মতে কাৰাগাৰৰ ভিতৰত মংগলবাৰে নিশা প্ৰায় ১০ বজাত চিপলৈ আত্মহত্যা কৰে।ঘটনা সন্দৰ্ভত বুধবাৰৰ দুপৰীয়া পৰ্যন্ত মৃত পৱনৰ পিতৃ আৰু আত্মীয় স্বজনক জে’ল কৰ্তৃপক্ষই অৱগত কৰা নাছিল বুলি জানিবলৈ দিয়ে(Prisoner Found Dead in Lakhimpur Jail)।

ইফালে মঙলবাৰে কদয়ী যুৱকজনক আত্মীয়ই দেখা কৰি অহাৰ কথাও উল্লেখ কৰে।তেঁওলোকৰ ভাষ্য অনুসৰি অতি স্বাভাৱিক আৰু সুস্থভাৱে থকা পৱন বৰুৱাক বুধবাৰে পুনৰ আত্মীয়ই খাদ্য সামগ্ৰী দিবলৈ জিলা কাৰাগাৰত উপস্থিত হৈছিল যদিও দেখা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। আত্মীয়ই বহু সময় অপেক্ষা কৰাৰ অন্তত পাছত কাৰাগাৰৰ এক সাধাৰণ সূত্ৰইহে এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত কাৰাগাৰত দৰ্শনৰ বাবে উপস্থিত হোৱা আত্মীয়ক অৱগত কৰে ।

উল্লেখ্য যে , ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ নাবালিকা পত্নী দেৱলীনা সোণোৱালক অগ্নিদগ্ধ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পৱন বৰুৱা । ঢকুৱাখনা সদৰ থানাত পঞ্জীকৃত গোচৰ নং- ৩১/২০২৪ ৰ আধাৰত পৱন বৰুৱাক ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক) আৰু ৩০৪ (খ) ধাৰাত গ্ৰেপ্তাৰবৰণ কৰি তদন্তকাৰী আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ইপিনে জিলা কাৰাগাৰ কৰ্তৃপক্ষই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :দুধনৈত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বনৰীয়া হাতী !