Local, Vocal, Global

দুধনৈত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বনৰীয়া হাতী !

নিউজ ডেস্ক,৪ডিচেম্বৰ : দুধনৈত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বনৰীয়া হাতী !হাতীৰ শুঁৰ, নখ আৰু নেজসহ গ্ৰেপ্তাৰ এজনক।

হাতী নিধন তাৰপাছত কাটি নিলে শুঁৰ, নেজ। নিজকে শক্তিমান কবিৰাজ সজোৱাৰ চেষ্টা জীৱশ্ৰেষ্ঠ বুলি চিনাকি দিয়া মানুহৰ।

কিমান বৰ্বৰ হ’লে মাৰোঁ বুলিয়েই মাৰিব পাৰে অমাত জীৱক ?কিমান পৈশাচিক হ’লে কাটি নিব পাৰে অংগ?মানুহ নহয় যেন অমানুহ হে?

শব্দ নোহোৱা হৈ পৰিব তাৰ পাছতো আপোনাৰ এনে পৈশাচকৰ প্ৰতি খং কম নহব । প্ৰতিবেদনৰ গভীৰতালৈ গ’লে এনে বহু প্ৰশ্ন আপোনাৰ মনতো উদয় হব।

ঘটনা দুধনৈৰ ডাবলীৰ ।মঙলবাৰে পুৱা ধাননি পথাৰত উদ্ধাৰ হৈছিল এটা মৃত বন্যহস্তী। উদ্ধাৰৰ সময়ত হাতীটোৰ দেহত নাছিল শুঁৰ, নখ আৰু নেজ। ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ লোক। প্ৰথম অৱস্থাত ধাননি পথাৰত থকা বিদ্যুৎ সংযোগত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্ত শুঁৰ, নেজ আৰু নখ নথকা হাতী দেখি মনলৈ আহিল অন্য চিন্তা বনবিভাগৰ। পৰিকল্পিতভাৱে হাতীটোক হত্যা কৰা বুলি সন্দেহ হ’ল সকলোৰে। মৃত্যু হাতীটোৰ শুঁৰ, নেজ আৰু নখ নথকা দেখি বনবিভাগে চলালে অভিযান।

ঘটনাস্থলীৰ পৰা কিছু নিলগৰ কাষৰীয়া গাঁৱত আৰক্ষী আৰু বন বিভাগৰ অনুসন্ধানত ওলাল তেজৰ চেঁকুৰা। অৱশেষত কৰায়ত্ব হ’ল ঘটনাৰে জড়িত থকা এটা দুৰ্বৃত্তক।এইজনৰ নাম ফ্ৰিদিচন। অন্ধ বিশ্বাসৰ সদাগৰ হৈ শুঁৰ, নখ, নেজ কাটি শক্তিমান হোৱাৰ চেষ্টা কৰাৰ কথাও নিৰ্লজ্জভাৱে স্বীকাৰ নিন্দনীয় ফ্ৰিদিচনৰ। ইতিমধ্যে বন্যহস্তীৰ কটা অংগসহ গ্ৰেপ্তাৰ হৈছে ফ্ৰিদিচন।

লগতে পঢ়ক :Mushalpur News:মুছলপুৰত ইউপিপিএলৰ মুছলপুৰ ব্লক সমিতি গঠন