Local, Vocal, Global

Sipajhar News:পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰিলে বৃদ্ধ পিতৃ-মাতৃয়ে

ছিপাঝাৰ,৪ডিচেম্বৰ : মানৱ সমাজক লজ্জিত কৰা ঘটনা। পুত্ৰৰ হাতত লাঞ্চিত বৃদ্ধ পিতৃ-মাতৃয়ে এৰিলে ঘৰ।

ছিপাঝাৰৰ দেওমৰনৈ কুমাৰপাৰাৰ এই ঘটনা।ছিপাঝাৰ পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্য্য়ালয়ৰ বাৰান্দাত পুত্ৰৰ হাতত চৰ ,ভুকু খোৱা এহাল বৃদ্ধা দম্পতিৰ বিননি !বৃদ্ধা দম্পতিয়ে হুকহুকাই কান্দি সকলোৰে পৰা হাত জোৰ কৰি বিচাৰিছে সহায়।কষ্ট উপাৰ্জিত ধনেৰে বনোৱা নিজৰ ঘৰখনৰ পৰাই পিতৃ-মাতৃক উলিয়াই  দিলে পুত্ৰই। পুত্ৰৰ হাতত ধাৰাশায়ী হোৱা তাৰিনী কান্ত কুমাৰ আৰু প্ৰেমেশ্বৰী কুমাৰৰ কাহিনী শুনিলে আপোনাৰো ওলাব দুই চকুত চকুলো(Sipajhar News)।

পুত্ৰৰ বিয়াৰ পিছৰে পৰাই দুই বৃদ্ধ দম্পতীৰ ওপৰত চলাইছিল অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন । অভিযোগ পিতৃ মাতৃৰ । যাৰ  বাবে বিগত সময়ত বৃদ্ধাশ্ৰমত আছিল পিতৃ মাতৃ। প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি ভাগৰি পৰা বৃদ্ধা দম্পতিৰ এতিয়া নিৰিবিলি বৃদ্ধাশ্ৰমেই হৈছে শেষ ভৰষা। ১৬ বিঘাকৈ নিজৰ মাটি সম্পত্তি থকাৰ পিছতো এতিয়া নিজৰ অধিকাৰ পুত্ৰৰ পৰা বিচাৰিব লগা ঘটনাই আজিৰ সভ্য সমাজৰ ছৱিখন দাঙি ধৰিছে ।

এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰিব নে সেয়া সময়ত হব লক্ষণীয়।

লগতে পঢ়ক :SOP For New Year Celebration : পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ SOP