Local, Vocal, Global

Sipajhar News:ছিপাঝাৰৰ ঘোপেলীত বিলুপ্তপ্ৰায় “সাউৰী খোৱা” উৎসৱ

ছিপাঝাৰ,৪ডিচেম্বৰ : ছিপাঝাৰৰ ঘোপেলীত বিলুপ্তপ্ৰায় “সাউৰী খোৱা” উৎসৱ।ছিপাঝাৰৰ পাথৰিঘাটৰ ঘোপেলীত সাউৰী খোৱা প্ৰথাৰে ধান দাই লুপ্তপ্ৰায় ঢেক-গীতেৰে জীপাল কৰি তুলিলে ধাননি পথাৰ।

চহা কৃষকৰ খেতি পথাৰত ধান দাৱলৈ সাউৰী খোৱা  পৰম্পৰা লোক প্ৰথা আজি বিলুপ্ত। অতীতত গাঁও সমূহত কৃষক সকলৰ প্ৰতি ঘৰতে গাঁৱৰ সকলো কৃষকে মিলি এদিন এদিনকৈ খেতি পথাৰৰ সোণোৱালী পকা  ধান দাই পথাৰত হাঁহে মাহে এসাঁজ ভালকৈ খাই আনন্দ লভিছিল।ধান দোৱা সময়ত সমূহীয়া ভাবে ধান গীত গাই আকাশ বতাহ মুখৰিত কৰিছিল(Sipajhar News)।

দাৱনিলৈ বুলি গৃহিনীয়ে চাহ জলপান নিয়াৰ সময়ত দাৱনি সকলে গৃহিনীকলৈ ঠাট্টা সুৰত ধেমেলীয়া গীত  যুৰিছিল।যাক সাউৰী খোৱা প্ৰথা বোলা হয় ।

গাঁৱলীয়া সমাজত অতীতত বহুল ভাবে প্ৰচলিত এনে  আনন্দ -শান্তি- সম্প্ৰীতিৰ পৰম্পৰা লোক প্ৰথা আজি গ্ৰাম্য সমাজত পাবলৈ নাই। কিন্তু  এনে সময়ত লুপ্তপ্ৰায় হ’ব  ধৰা চহা কৃষকৰ এনে লোক পৰম্পৰা দৰঙৰ ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ঘোপেলী গাঁওবাসীয়ে ক্ষয় নোহোৱাকৈ ধৰি ৰখাৰ প্ৰয়াস কৰি আহিছে।

বিগত বছৰ সমূহৰ লগতে এইবাৰো আজি ঘোপেলী গাঁৱত পকাধানৰ সোণোৱালী সোণগুটিৰে ভৰপূৰ খেতি পথাৰত আজিও দেখা গ’ল ডেকা -বুঢ়া সকলোৱে মিলি ধান দোৱা সাউৰী খোৱা প্ৰথা। গাঁওখনৰ চহা কৃষক সকলে খেতি পথাৰৰ কেঁচা মাটিৰ পকাধানৰ সুগন্ধি গোন্ধ লৈ সাউৰী খোৱা প্ৰথাৰে  গীত গাই গাই ধান দাইছে। গাঁৱৰ কৃষক সকলৰ ঐক্য অতীতৰ পৰা আজিলৈ গাঁও খনত  সাউৰী খোৱা প্ৰথা প্ৰচলন কৰি আহিছে আৰু আগলৈয়ো এনে ঐক্য -শান্তি সম্প্ৰীতিৰ ধাৰক স্বৰূপ সাউৰী খোৱা লোক প্ৰথা অব্যাহত ৰখাৰ পণ । অসমীয়া চহা কৃষক সমাজৰ বাবে ই নিশ্চিয় আদৰণীয় পদক্ষেপ। আধুনিকতাৰ সোঁতত হেৰাই যাব ধৰা এনে লোক পৰম্পৰা ধৰিব বিচৰাটো অসমীয়া সমাজ জীৱনৰ বাবে ভাল কথা।

লগতে পঢ়ক :Eknath Shinde Hospitalised: চিকিৎসালয়ত ভৰ্তি একনাথ সিন্দেক