Local, Vocal, Global

Shobhita Shivanna Death: :জনপ্ৰিয় অভিনেত্ৰী ৰহস্যজনক মৃত্যু;চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,২ডিচেম্বৰ :জনপ্ৰিয় অভিনেত্ৰী ৰহস্যজনক মৃত্যু ।চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।

কানাড়া চিনেমা আৰু টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শোভিতা শিৱান্নাৰ মৃত্য়ু। তেলেংগানাৰ গাচিবৌলি জিলাৰ কোণ্ডাপুৰ অঞ্চলৰ শোভিতাৰ ঘৰত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ(Kannada TV actress Shobhita Shivanna found dead in Hyderabad)।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত অভিনেত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শোভিতাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈ জানিব পৰা নাই মৃত্য়ুৰ কাৰণ । তদন্তকাৰীয়ে আৰক্ষীয়ে মন্তব্য কৰে যে মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব(Shobhita Shivanna Death)।

উল্লেখ্য যে, ১৯৯২ চনৰ ২৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল শোভিতাই। সৰুৰে পৰা মনোৰঞ্জন আৰু শিল্পৰ জগতখনৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল শোভিতাৰ।

২০১৫ চনত কানাড়া ছবি ‘ৰঙী তৰানা’ৰ জৰিয়তে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল শোভিতাই। এই ছবিখন তেওঁৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি আছিল। ‘ইউ টাৰ্ণ’, ‘কে জি এফ চেপ্টাৰ ৱান’ আৰু ‘কে জি এফ চেপ্টাৰ টু’কে ধৰি কেইবাখনো কানাড়া ছবিত অভিনয় কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ’ল ‘এৰাডোণ্ডালা মুৰু’, ‘জেকপট’ আৰু ‘অন্ধ কাথে হেলা’।

লগতে পঢ়ক :Football match turns bloodbath in Guinea :গুয়েনাত ফুটবল খেলৰ মাজতে অঘটন;১০০গৰাকী লোকৰ মৃত্যু