Football match turns bloodbath in Guinea :গুয়েনাত ফুটবল খেলৰ মাজতে অঘটন;১০০গৰাকী লোকৰ মৃত্যু
নিউজ ডেস্ক,২ডিচেম্বৰ : গুয়েনাত ফুটবল খেলৰ মাজতে অঘটন। ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তক লৈ দুই পক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত। সংঘৰ্ষত ১০০গৰাকী লোকৰ মৃত্যু। গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এনজেৰেকোৰত সংঘটিত হৈছে ভয়াৱহ ঘটনাৰ।জুণ্টা নেতা মামাদী দৌমবৈয়াৰ সন্মানাৰ্থে এনজেৰেকোৰেত অনুষ্ঠিত হোৱা ফুটবল খেলখনত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Football match turns bloodbath in Guinea)।
ঘটনা সন্দৰ্ভত চিকিৎসক এগৰাকীয়ে সদৰি কৰা অনুসৰি , ‘চিকিৎসালয়ৰ ভিতৰত চকুৰে যিমানদূৰ দেখা পায়, কেৱল শাৰী শাৰী মৃতদেহহে দেখা যায়। মৃতদেহেৰে ভৰ্তি হৈ পৰিছে চিকিৎসালয়খনৰ মৰ্গ।’ চিকিৎসালয়ৰ সূত্ৰ অনুসৰি কমেও ১০০জন লোকৰ মৃত্যু হৈছে(Over 100 dead after clash erupts between rival fans at football match)।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক শিহৰণকাৰী ভিডিঅ’। উত্তেজিত প্ৰতিবাদকাৰীয়ে থানা ভাঙি জুই লগাই দিয়ে। আনফালে ৰাস্তাৰ ওপৰতে পৰি ৰৈছে মৃতদেহ।
খেলপথাৰৰ এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তক কেন্দ্ৰ কৰি বিশৃংখলতা আৰম্ভ হৈছিল। ক্ষুব্ধ অনুৰাগীয়ে খেলপথাৰত তাণ্ডৱৰ সৃষ্টি কৰে।
লগতে পঢ়ক :Elephant calf rescued in Sonitpur: ৰঙাপৰাত উদ্ধাৰ বনৰীয়া হাতীৰ পোৱালী