Asom Divas 2024: আজি ২ ডিচেম্বৰ;সমগ্ৰ অসমবাসী আজি পালন কৰিব চুকাফা দিৱস

নিউজ ডেস্ক, ২ ডিচেম্বৰ : আজি ২ ডিচেম্বৰ। সমগ্ৰ অসমবাসী আজি পালন কৰিব ‘অসম দিৱস’ বা চুকাফা দিৱস(Asom Divas 2024) ।
আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে বিশেষ দিনটো পালন কৰা হয়(‘Asom Diwas’ celebrated across Assam in remembrance of Sukapha, the founder of Ahom Kingdom)।
১৯৮৭ চনৰ পৰা প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ ২ তাৰিখে সমগ্ৰ অসমবাসীয়ে ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ’ব অসম দিৱস।
উল্লেখ্য যে, চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা।
লগতে পঢ়ক :wife allegedly kills husband :পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক