Raas Mahotsav 2024: ৰঙাপৰাত সুদীৰ্ঘ ২১ বছৰৰ মূৰত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা
জামুগুৰিহাট,১ডিচেম্বৰ : শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰে ৰঙাপৰাৰ আকাশ-বতাহ ৷ শৰতকালৰ নিশা যেন বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ৰঙাপৰা । ৰঙাপৰাত সুদীৰ্ঘ ২১ বছৰৰ মূৰত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। ৰাসলীলাত শ্ৰীকৃষ্ণ, গোপী আৰু শংখচূড়ৰ নৃত্য উপভোগ কৰিবলৈ ৰঙাপৰাৰ সহশ্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হয়(Raas Mahotsav 2024)।
উল্লেখ্য যে, বৃহত্তৰ ৰঙাপৰা সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰঙাপৰাৰ ৰেলৱে খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা।
লগতে পঢ়ক:MP Rakibul Hussain press conference:ডিব্ৰুগড়ত সাংসদ ৰকিবুল হুছেইনৰ সংবাদ মেল