Rowta News: My News Ne ৰ বাতৰিৰ পাছতেই বছৰ পূর্বে আৰক্ষীয়ে তালাচীৰ বাবে ৰখা খালী ড্ৰামবোৰ লৈ যায় সেই স্থানৰ পৰা
ৰৌতা,১ডিচেম্বৰ : My News Ne ৰ বাতৰিৰ প্ৰভাৱ । ৰৌতাৰ মৰাধনশ্রীৰ ৰাজপথৰ পৰি আছে পৰিত্যক্ত ড্ৰাম। ইয়াকে লৈ শনিবাৰে My News Ne ত সম্প্রচাৰ হৈছিল বাতৰি । বাতৰিৰ পাছতেই বছৰ পূর্বে আৰক্ষীয়ে তালাচীৰ বাবে ৰখা খালী ড্ৰামবোৰ লৈ যায় সেই স্থানৰ পৰা।ৰাজপথৰ পৰা লৈ পথৰ একোণত জনতাৰ অসুবিধা নোহোৱাকৈ থৈ যায় ৰৌতা আৰক্ষী থানাৰ এটা দলে ।
বছৰ ধৰি পৰি ৰোৱা খালী ড্ৰামবোৰ সেই স্থানৰ পৰা উঠাই অনাত এতিয়া কিছু পৰিমাণে হলেও দুৰ্ঘটনা ৰোধ হ’ব বুলি মন্তব্য স্থানীয় ৰাইজৰ । ইয়াৰ বাবে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰাক বিশেষভাৱে ধন্যবাদ জনাইছে স্থানীয় ৰাইজে(Rowta News)।
উল্লেখ্য যে, তীব্ৰবেগেৰে অহা গাড়ীয়ে প্রায়েই নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰিছিল পৰিত্যক্ত ড্ৰামত । শুকুৰবাৰেও সেই পৰিত্যক্ত ড্ৰামত নিশা খুন্দা মাৰিয়েই আহত হৈছিল এগৰাকী বাইক আৰোহী ।
যাৰ বাবে বছৰ পূর্বে আৰক্ষীয়ে তালাচীৰ সময়ত ব্যৱহাৰ কৰা পৰিত্যক্ত ড্ৰামকেইটা সেই স্থানৰ পৰা উঠাই লৈ যোৱাৰ আহ্বান জনাইছিল স্থানীয় ৰাইজে। তাৰ পাছতেই ৰৌতা আৰক্ষীৰ তৎপৰতাত সেই স্থানৰ পৰা লৈ যোৱা হয় মৃত্যু দূতৰূপী খালী ড্রামবোৰ।
লগতে পঢ়ক :Assam BJP new state president to be elected in january:কোন হ’ব অসম বিজেপিৰ নতুন সভাপতি?