Local, Vocal, Global

Earthquake of magnitude 2.9 strikes Assam’s Karbi Anglong:কাৰ্বি আংলঙত মৃদু ভূমিকম্পৰ জোকৰণি

নিউজ ডেস্ক,৩০নৱেম্বৰ : কাৰ্বি আংলঙত মৃদু ভূমিকম্পৰ জোকৰণি । শুকুৰবাৰে মাজনিশা অসমৰ পাহাৰীয়া জিলাখনত এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

ৰিখটাৰ স্কেলত ২.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় কাৰ্বি আংলং জিলাক । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (নেচনেল চেণ্টাৰ ফৰ ছিছম’লজী, এন চি এছ এই কথা প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ (এন চি এছ) মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৪০ বজাত এই ভূকম্পনৰ জোকাৰণি ৰেকৰ্ড কৰা হয় । ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ কাৰ্বি আংলং অঞ্চলত কেন্দ্ৰীভূত আৰু ২৫ কিলোমিটাৰ গভীৰতাত(Earthquake of magnitude 2.9 strikes Assam’s Karbi Anglong) ।

ভূমিকম্পটো সন্দৰ্ভত ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই অফিচিয়েল X একাউণ্টত লিখিছে, “ভাৰতীয় সময় মতে ৩০-১১-২০২৪ তাৰিখে পুৱা ২.৪০ বজাত এটা ২.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি ২৬.২৩ উত্তৰ অক্ষাংশ আৰু ৯২.৮৩ পূব দ্ৰাঘিমাংশত অনুভূত হয় । ইয়াৰ অভিকেন্দ্ৰ হৈছে কাৰ্বি আংলং আৰু গভীৰতা ২৫ কিলোমিটাৰ ।”

লগতে পঢ়ক :Chain Snatching Terror in Guwahati :মহানগৰীৰ সুন্দৰপুৰত প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাক ছুৰিকাঘাত দুৰ্বৃত্তৰ