Local, Vocal, Global

Chain Snatching Terror in Guwahati :মহানগৰীৰ সুন্দৰপুৰত প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাক ছুৰিকাঘাত দুৰ্বৃত্তৰ

নিউজ ডেস্ক,৩০ নৱেম্বৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷

বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে ম’বাইল চুৰিকে বিভিন্ন চুৰিকাণ্ডৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা ফোন কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল ৷ কেতিয়াবা আকৌ ৰাস্তৰে গৈ থকা অৱস্থাত মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি লৈ গৈছে ।মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে(Thief terro in Guwahati) ৷

ইফালে মহানগৰী গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাইছে। স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ মহানগৰীত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে চেইন চুৰি, মোবাইল চুৰিৰ দৰে একাধিক অপৰাধমূলক ঘটনা । ইয়াৰ মাজতেই শনিবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয়(Chain Snatching Terror in Guwahati)।

শনিবাৰে গুৱাহাটী মহানগৰীৰ সুন্দৰপুৰৰ ৰাজপথ পুৱা প্ৰায় ৭ বাজি ৪০ মিনিটত প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা এগৰাকী মহিলাৰ পৰা বাইকত অহা দুই যুৱকে ডিঙিৰ চেইন টানি নিয়াৰ চেষ্টা চলাই। লগে লগে মহিলাগৰাকীয়ে থাপ মাৰি ধৰিলে চিলনী চোৰটোৰ হাতখনত। লাগিল টনা-আঁজোৰা। মহিলাগৰাকীয়ে এৰি নিদিলে চোৰটোৰ হাতখন। বাগৰি পৰিল বাইকখন। চিঞৰিবলৈ ধৰিলে মহিলাগৰাকীয়ে। ‘চোৰ, চোৰ। মোৰ চেইন কাঢ়ি নিছে’।

কিন্তু পুৱাৰ সময়ত দূৰ-দূৰলৈ নাছিল কোনো লোক। পলাবলৈ চেষ্টা কৰাৰ সময়তে হঠাৎ এটা চিলনী চোৰে উলিয়াই ল’লে এখন ছুৰী। মহিলাগৰাকীক আক্ৰমণ কৰিলে ছুৰীৰে। ৰক্তাক্ত হৈ পৰিল সুন্দৰপুৰৰ ৰাজপথ। মহিলাগৰাকী ঢলি পৰাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে চিলনী চোৰ দুটাই।

আহত মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় দিছপুৰ পলীক্লিনিক হাস্পতালত। বৰ্তমানো চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। কিন্তু এই ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন দিছপুৰ আৰক্ষী।

লগতে পঢ়ক :Assam man found dead in Itarsi railway junction :ইটাৰ্ছী জংচনৰ সমীপত উদ্ধাৰ অৰুণৰ মৃতদেহ!