Daily Horoscope for 28th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ কাৰো পৰা টকা ধাৰলৈ নল’ব আৰু যদি ল’ব লগা হয় তেন্তে সাবধানে ল’ব ৷ আপুনি মিছাতে বিবাদৰ মাজত সোমায় পৰিব ৷ আজিৰ দিনটো ঘৰতে থাকক আৰু শৰীৰৰ যত্ন লওক আৰু ভাল খাদ্য গ্ৰহণ কৰক ৷
বৃষ ৰাশি: এটা ভাল দিন ৷ আপোনাৰ কলাসন্মত গুণ আৰু আত্মবিশ্বাস আজি উচ্চ শিখৰলৈ গতি কৰিব ৷ ধনৰ ক্ষেত্ৰটো আপুনি দৰকাৰীখিনি পাবলৈ সক্ষম হ’ব ৷ গহনা আৰু আন ব্যৱহৃত বস্তু কিনিব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷
মিথুন ৰাশি: আপুনি বিচৰা দৰে আজি আপুনি লাভ নকৰে ৷ উদ্দিগ্নতা আৰু চিন্তাই সমগ্ৰ দিনটো আগুৰি ৰাখিব ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷অদৰকাৰী খৰচ আৰু চিন্তাই আপোনাক হেঁচাত ৰাখিব৷
কৰ্কট ৰাশি: গণেশৰ কৃপাত ধনৰ দিশৰ পৰা এটা লাভজনক দিন ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু ব্যৱসায়ত উন্নতি হ’ব ৷ মহিলা বন্ধুসকল আপোনাৰ বাবে লাভজনক হ’ব ৷ পত্নী আৰু সন্তানৰ পৰা আনন্দ পাব ৷ বিবাহৰ বাবে উত্তম দিন ৷ আপুনি সমগ্ৰ দিন সম্পূৰ্ণ সতেজ আৰু চিন্তামুক্ত অনুভব কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ আপোনাৰ প্ৰিয় খাদ্যৰ সোৱাদ লোৱাৰ পৰা আঁতৰি নাথাকিব ৷
সিংহ ৰাশি: এই দিনটো ব্যবসায়ী আৰু চাকৰিয়াল সকলৰ বাবে উপযুক্ত দিন ৷ আজি আপুনি হাতত লোৱা কামত সফলতা লাভ কৰিব ৷ আপোনাৰ কামত বচ সন্তুষ্ট হ’ব আৰু আপোনাক উৎসাহিত কৰিব, আপুনি সকলোৰে মনোযোগ আকৰ্ষণ কৰিব ৷ ঘৰুৱা ক্ষেত্ৰত আনন্দপূৰ্ণ মুহূৰ্ত উপভোগ কৰিব ৷ আপোনাৰ পিতৃৰ পৰা সহায় লাভ কৰিব ৷
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী দিন হ’ব ৷ ভ্ৰমণৰ কথা এতিয়াই ভাবক, কাৰণ এই ভ্ৰমণে আপোনালৈ আনন্দ কঢ়িয়াই আনিব ৷ প্ৰিয়গৰাকীৰ লগত বা বন্ধুৰ লগত ভ্ৰমণৰ লগতে ধৰ্মীয় ঠাইলৈও যাব পাৰে ৷ দূৰৰ পৰা ভাল খবৰৰ আশা কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ উন্নত হ’ব ৷
তুলা ৰাশি: নতুনত্বৰে ভৰা দিন, গতিকে কিবা নতুন কৰিবলৈ বিচাৰিলে কৰিব পাৰে ৷ প্ৰিয়গৰাকীৰ লগত আপোনাৰ সম্বন্ধলৈ নতুনত্ব আহিব ৷ আপোনাৰ মনলৈ অহা বিপৰীত চিন্তা-চৰ্চাবোৰ আতৰাই ৰাখক, নহ’লে সেইবোৰে আপোনাৰ মনত ক্ৰিয়া কৰি থাকিব ৷ প্ৰতিদ্বন্দীসকলৰ ব্যৱহাৰৰ প্ৰতি চকু ৰাখক ৷পানী আৰু মহিলাৰ পৰা সাবধানে থাকক ৷
বৃশ্চিক ৰাশি: এটা বিভিন্নতাৰে ভৰা দিন ৷ অভিনেতাৰ দৰে সকলো বিষয়তে নতুনত্ব লাভ কৰিব ৷ আপুনি নিজৰ পৰিচয় লাভ কৰিবলৈ এয়াই উত্তম সময় ৷ বন্ধু, পৰিয়ালৰ লোক আৰু সহকৰ্মীসকলৰ ওপৰত আপোনাৰ প্ৰভাৱ পেলাব পাৰিব ৷ বন্ধুৰ লগত সন্মানজনক কাম আৰম্ভ কৰক ৷
ধনু ৰাশি: ধনৰ বিষয়ত লাভজনক দিন ৷ সম্পত্তি কিনাৰ আৰু টকা জমা ৰখাৰ কথা ভাবিব পাৰে ৷ কামৰ ক্ষেত্ৰত বচৰ সহায় লাভ কৰিব ৷ ঘৰত শান্তি অনুভব কৰিব আৰু আনন্দপূৰ্ণ আবেলি উপভোগ কৰক ৷ শৰীৰ ভালে থাকিব ৷
মকৰ ৰাশি: আজি কোনো বিশেষ সিদ্ধান্ত লোৱাৰ পৰা আতৰি থাকক, কাৰণ তাৰ বাবে আজি আপোনাৰ মন সাজু নহয় ৷ আপোনাৰ মনত আগৰ পৰাই কিছু চিন্তাই ক্ৰিয়া কৰি আছে ৷ টোপনিৰ অভাব বা শৰীৰৰ সমস্যাৰ বাবেও আপুনি কামত মন বহুৱাব নোৱাৰিব ৷ কামত সাবধান হওক৷ কাৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷
কুম্ভ ৰাশি: আকাশ বতাহে সকলোতে ৰোমান্স অনুভৱ কৰিব, সকলো ফালে ফুলৰ সুবাস ভৰি পৰিব আৰু পৃথিৱীখন সুন্দৰ যেন লাগিব ৷ আপুনি নিশ্চয় বিচাৰি ফুৰা বিশেষ মানুহগৰাকীক লগ পাব ৷ কামৰ পৰা আঁতৰি ঘৰলৈ দৌৰ মাৰক ৷ মহিলাসকলে যি সময়ত নিজৰ সুন্দৰতাৰ কথা আলোচনা কৰি থাকিব পুৰুষ সকলে টকা পইচাৰ কথা আলাচনা কৰিব ৷ মাতৃৰ পৰা বিশেষ লাভ পাব ৷
মীন ৰাশি: আপোনাৰ বাবে এটা ভাল দিন ৷ কলাসন্মত কামত জড়িত হোৱাৰ উচিত সময় ৷ আপুনি লাভজনক আলোচনাত ভাগ লৈ আপোনাৰ সিদ্ধান্ত উপস্থাপন কৰিব পাৰিব ৷ হাতত থকা কাম সময়ত পূৰ কৰিব পাৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে, প্ৰিয়গৰাকীৰ লগত সময় কটাব পাৰিব ৷