Chapar protest: চাপৰৰ ফলিমাৰী বেলতলী প্ৰথম খণ্ডত ৰাইজৰ উত্তাল প্ৰতিবাদ

চাপৰ,২৭নৱেম্বৰ : চাপৰৰ ফলিমাৰী বেলতলী প্ৰথম খণ্ডত ৰাইজৰ উত্তাল প্ৰতিবাদ।
ইটা উদ্যোগ বোৰত শিশু শ্ৰমিক নিয়োগ কৰা আৰু গাওঁলীয়া পথত ইটা ভাটাৰ গাড়ী চলাচল বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ।চাপৰৰ ফলিমাৰীত থকা ইটা উদ্যোগবোৰত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।শিশু সকলক বিদ্যালয় মুখী কৰাৰ পৰিবৰ্তে শ্ৰমিক হিচাপে নিয়োগ কৰাৰ অভিযোগ ইটা উদ্যোগৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে।শিশু শ্ৰমিক আইন উলংঘা কৰি চলাই গৈছে এই ৰমৰমীয়া বেহা।কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন ধুবুৰী জিলাৰ শিশু সুৰক্ষা বিভাগ।প্ৰশাসনৰ নাকৰ তলেদি চলি আছে ইটা উদ্যোগত শিশু শ্ৰমিক(Chapar protest)।
উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰৰ ফলিমাৰী অঞ্চলত LBI, MAA আৰু SUN নামেৰে তিনিটা ইটা উদ্যোগ গঢ় লৈ উঠিছে।উক্ত ইটা উদ্যোগ তিনিটাৰ পৰা ইটা ভৰ্তি গাড়ী দিনে নিশাই পকী ৰাস্তাৰ বিপৰীতে গাওঁলীয়া ৰাস্তাৰে দ্ৰুতগতিত অহা যোৱা কৰি থাকে।ফলত গোটেই অঞ্চল জুৰি ধূলি বালিৰে ভৰপূৰ হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়লৈ অহা যোৱা কৰাত অসুবিধায় সন্মূখীন হ’ব লগা হয়।ইয়াৰ উপৰিও শিশু সকলক বিদ্যালয়লৈ যোৱাৰ পৰিবৰ্তে ইটা উদ্যোগ বোৰত শ্ৰমিক হিচাপে নিয়োগ কৰাৰ অভিযোগ।
ফলত গাঁৱৰ ৰাইজে অতিষ্ঠ হৈ পথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।ইটা উদ্যোগ বোৰত শিশু শ্ৰমিক নিয়োগ কৰা বন্ধ কৰাৰ লগতে গাড়ী সমূহ গাঁৱৰ পথেৰে যোৱা বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনায়।
লগতে পঢ়ক :Massive fire breaks out in Barpeta:শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ১৫ খন দোকান