Tragic Road accident in Rangia : ৰাস চাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত এজন

নিউজ ডেস্ক,২৬নৱেম্বৰ : ৰাসৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন ।
ৰাসৰ মহোৎসৱৰ আনন্দ উল্লাখৰ মাজতে সোমবাৰে নিশা ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাটকুছীত ভয়ংকৰ পথ দুৰ্ঘটনাত।দুৰ্ঘটনাত থিতাতে নিহত এজন।নিহত লোকজন
জয়ন্তীপুৰৰ বঢ়মপুৰৰ বিকাশ চিল বুলি জানিব পৰা গৈছে(Tragic Road accident in Rangia) ।
জানিব পৰা মতে, সোমবাৰে নিশা তৰণিত ৰাস চাই বাইকেৰে দুই যুৱক ক্ৰমে বিকাশ চিল আৰু নয়ন চিলে ঘৰ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে । লগে লগে বাইকৰ পিছপিনে বহি থকা বিকাশ চিল নামৰ যুৱকজন ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰে সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অচিনাক্ত বাহনে মহতিয়াই থৈ যায় বিকাশ চিলক ফলত থিতাতে নিহত হয় যুৱকজন।
আনহাতে এই ভয়ংকৰ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে নিশা ৰঙিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো ৰঙিয়া থানালৈ লৈ যায়।
লগতে পঢ়ক :Road Accident in Bilasipara: এক ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ গ’ল একাদশ শ্ৰেণীৰ ছাত্ৰৰ