Local, Vocal, Global

Road Accident in Bilasipara: এক ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ গ’ল একাদশ শ্ৰেণীৰ ছাত্ৰৰ

বিলাসীপাৰা,২৬নৱেম্বৰ : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

সোমবাৰে নিশা বেলতলী ৰাষ্ট্ৰীয় ঘাইপথ মটৰ চাইকেল আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত গুৰুত বাবে আহত বাইক আৰোহী। আহত বাইক আৰোহীজনক ততাতৈয়াকৈ
স্থানীয় ৰাইজে সংকটজনক অৱস্থাত বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মৃত্যুক সাৱতি লয় বাইক আৰোহীজনে(Road Accident in Bilasipara)।

এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল ফলত মটৰ চাইকেলৰ ইঞ্জিন টুকুৰা টুকুৰ হৈ যায়।

নিহত বাইক আৰোহীজন Basic Science ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ কৰুণ নাথ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত বিলাসীপাৰা যান বাহন আৰক্ষী উপস্থিত হৈ মটৰ চাইকেল আৰু ট্ৰাকখন উদ্ধাৰ কৰি থানালৈ লৈ যায়।

লগতে পঢ়ক :Jagiroad News: জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন