Jagiroad News: জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন
জাগীৰোড,২৬নৱেম্বৰ : জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ(Jagiroad News) ৷
২৪ নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈ পালন কৰা এই পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ উপলক্ষে জাগীৰোডত আয়োজন কৰা হয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা ৷ জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শংকৰদেৱ বিদ্যা নিকেতনত আয়োজন কৰা উক্ত প্ৰতিযোগিতাৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ আৰু জলবায়ু সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ৷
জাগীৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ৰুবুল শইকীয়াই উদ্বোধন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে ৰীমা পালে ৷ জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু বিদ্যালয়ৰ আচাৰ্য-আচাৰ্যা সকল উপস্থিত থাকি কাৰ্যসূচী পৰিচালনা কৰে ৷
লগতে পঢ়ক :Tragic incident in Narayanpur:বিবাহৰ মা-হালধিৰ গোন্ধ আতৰিব নাপাওঁতেই চিতাত উঠিল স্বামী- স্ত্ৰী